Recents in Beach

Jainism in Assamese - Ancient Indian History in Assamese and English - জৈন ধৰ্ম - Assamese GK


1. জৈন ধৰ্মত কিমান গৰাকী তীৰ্থঙ্কৰ  ( Tirthankar ) আছিল ?
-> 24 জন

2. জৈন ধৰ্মৰ প্ৰথম তীৰ্থঙ্কৰ  ( First Tirthankar ) কোন আছিল ?
-> ঋষভনাথ ( Rishabhnath ) /ঋষভদেৱ ( Rishabhdev ) / আদিনাথ ( Adinath )

3. জৈন ধৰ্মৰ শেষৰজন তীৰ্থঙ্কৰ  ( Last Tirthankar of Jain ) কোন ?
-> বৰ্ধমান মহাবীৰ ( Vardhman Mahavira )

4. মহাবীৰৰ জন্ম কোনটো ক্ষত্ৰিয় গোত্ৰত হৈছিল ?
-> যান্ত্ৰিক ( Jantrika )

5. মহাবীৰৰ পিতৃৰ নাম ( Father's name ) কি আছিল ?
-> সিদ্ধাৰ্থ ( Siddharth )

6. মহাবীৰৰ মাতৃৰ নাম ( Mother's name ) কি আছিল ?
-> ত্ৰিশালা ( Trishala )

7. মহাবীৰৰ মাতৃ ত্ৰিশালা ( Trishala ) কাৰ ভণীয়েক ( Sister ) আছিল ?
-> বৈশালী নামৰ ঠাই খনৰ লিচাভি নামৰ গোটটোৰ মুৰব্বী " চেতক " ৰ । ( She was sister of Chetaka, the chief of Licchavi dynasty of Vaishali )

8. মহাবীৰৰ জন্ম কেতিয়া হৈছিল ? (When did Mahavir born ? )
-> শ্বেতাম্বৰ ( Shwetambar ) সকলৰ মতে - 599 BC
    দিগম্বৰ ( Digambar ) সকলৰ মতে - 540 BC

9. মহাবীৰৰ মৃত্যু কেতিয়া হৈছিল ? (When did Mahavir die ? )
-> শ্বেতাম্বৰ ( Shwetambar ) সকলৰ মতে - 527 BC
    দিগম্বৰ ( Digambar ) সকলৰ মতে - 468 BC

10. " জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া " ( Live and let others live ) - এই উক্তিষাৰ কাৰ ?
-> মহাবীৰ ( Mahavir )

11. জৈন ধৰ্মত পূৰ্ণ জ্ঞান প্ৰাপ্তিক কি বুলি কয় ?
-> কৈৱল্য ( Kaivalya )

12. মহাবীৰৰ জন্ম ক'ত হৈছিল ?
-> কুণ্ডাগ্ৰাম ( Kundagram ) [ বিহাৰ ( Bihar ) ]

13. মহাবীৰৰ প্ৰথম শিষ্য ( Disciple ( কোন আছিল ?
-> জামালী ( Jamali )

14. জৈন ধৰ্মৰ ত্ৰিৰত্ন কি কি ?
-> সম্যক দৰ্শন ( Right faith )
    সম্যক জ্ঞান ( Right knowledge )
    সম্যক চৰিত্ৰ ( Right Conduct )

15. পাৰ্শ্বনাথৰ সৈতে জড়িত কোনখন ঠাই জৈন ধৰ্মৰ তীৰ্থ ক্ষেত্ৰ ?
-> সম্মেদ শিখৰ ( Sammed Shikhar ) [ ঝাৰখণ্ড ( Jharkhand ) ]

16. অনুব্ৰত আৰু স্যাদবাদ সিদ্ধান্ত কোন ধৰ্মৰ ? ( Anuvrat & Syadwad Principle is related to which religion ? )
-> জৈন ধৰ্ম ( Jain religion )

17. মহাবীৰৰ পত্নীৰ নাম ( Name of wife ) কি আছিল ?
-> যশোদা ( Yashoda )

18. মহাবীৰৰ কন্যাৰ নাম কি আছিল ?
-> প্ৰিয়দৰ্শিনী ( Priyadarshini )

19. কিমান বছৰত মহাবীৰে গৃহত্যাগ কৰে ?
-> 30 বছৰ বয়সত

20. কিমান বছৰত মহাবীৰৰ কৈৱল্য ( Kaivalya ) অৰ্থাৎ সম্পূৰ্ণ জ্ঞান প্ৰাপ্তি হয় ?
-> 42 বছৰ বয়সত ( গৃহত্যাগৰ 12 বছৰ পিছত )

21. কোন ঠাইত মহাবীৰে সম্পূৰ্ণ জ্ঞান লাভ কৰে ?
-> জৃম্ভিকগ্ৰাম ( Jrimbhikgram ) [ বিহাৰ ( Bihar ) ]

22. কি গছৰ তলত মহাবীৰৰ সম্পূৰ্ণ জ্ঞান প্ৰাপ্তি হয় ?
-> শাল গছ ( Sal tree )

23. কোন নদীৰ পাৰত মহাবীৰে সম্পূৰ্ণ জ্ঞান ( Complete knowledge )  লাভ কৰে ?
-> ঋজুপালিকা ( Rijupalika )

24. মহাবীৰৰ কেইজন শিষ্য ( disciple ) আছিল ?
-> 11 জন

25. মহাবীৰে ক'ত মৃত্যুবৰণ [ নিৰ্বান ( Nirvan ) ] কৰে ?
-> 72 বছৰ বয়সত  বিহাৰৰ পাৱাপুৰীত ( Pawapuri , Bihar )

26. মহাবীৰে কি ভাষাত প্ৰবচন ( sermon ) দিয়ে ?
-> প্ৰাকৃত ভাষাত বা অৰ্ধ মগধী ( Prakrit or Ardha Magadhi )

27. জৈন ধৰ্মৰ ভাগ দুটা কি কি ? ( Main sects of Jain religion )
-> শ্বেতাম্বৰ ( Shwetambar ) আৰু দিগম্বৰ ( Digambar )

28. "শ্বেতাম্বৰ " সকল কাৰ শিষ্য আছিল ? ( Shwetambars were disciple of -)
-> স্থুলভদ্ৰ ( Sthulbhadra )

29. " দিগম্বৰ " সকল কাৰ শিষ্য আছিল ? ( Digambars were disciple of )
-> ভদ্ৰবাহু ( Bhadrabahu )

30. চন্দ্ৰগুপ্ত মৌৰ্যই কাৰ ওচৰত জৈন ধৰ্মৰ দীক্ষা লয় ?
-> ভদ্ৰবাহুৰ পৰা ( From Bhadrabahu ) [ কৰ্ণাটকৰ  শ্ৰৱনবেলাগোলা নামৰ ঠাইত ( at Shravanabelagola of Karnataka )

31. ' পাৰ্শ্বনাথ ' ত কৈ মহাবীৰে কোনটো বানী অতিৰিক্তভাৱে প্ৰচাৰ কৰে ?
-> ব্ৰহ্মচাৰ্য্য ( Brahmacharya )

32. গোমাতেশ্বৰৰ মূৰ্ত্তিটো ক'ত আছে ?
-> শ্ৰৱণবেলাগোলা ( কৰ্ণাটক ) [ Shravanabelagola     ( Karnataka ) ]

33. গোমাতেশ্বৰৰ মূৰ্ত্তিটো কাৰ নামত নিৰ্মিত ? ( The statue of Gomateswar is dedicated to -)
-> জৈন ধৰ্মৰ প্ৰথম তীৰ্থঙ্কৰ ঋষভনাথৰ পু্ত্ৰ " বাহুবলী "ৰ নামত নিৰ্মিত । ( It was dedicated to Bahubali , son of first Jain Tirthankar Rishavnath )

34. গোমাতেশ্বৰৰ মূৰ্ত্তিটো কাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল ?
-> কৰ্ণাটকৰ গংগা বংশৰ মন্ত্ৰী চামুণ্ডাৰায় ( it was built by Chamundaray , a minister and commander of Ganga Dynasty of Karnataka )

35. জৈন ধৰ্মৰ প্ৰথম তীৰ্থাংকৰ ঋষভনাথ বা আদিনাথৰ নামত নিৰ্মিত মূৰ্ত্তিটো ক'ত আছে ?
-> বাৱাংগাজা ( মধ্য প্ৰদেশ ) [ Bawangaja ( M.P. ) ]

36. মহাবীৰে ক'ত প্ৰথম প্ৰবচন দিয়ে ? ( Mahavir delivers his first Sermon in - )
-> পাৱাপুৰী ( Pavapuri )  / ৰাজগৃহ ( Rajgrih )

37. মহাবীৰে ক'ত জৈন সংঘ স্থাপন কৰে ? ( Mahavir established Jain Sangha at - )
-> পাৱাপুৰী  ( Pavapuri )

38. মহাবীৰৰ প্ৰতীক কি আছিল ? ( Symbols of Mahavir's life )
-> সিংহ ( Lion )

39. প্ৰথম তীৰ্থাংকৰ ঋষভনাথৰ প্ৰতীক কি আছিল ?
-> বলধ ( Bull )

40. মহাবীৰৰ মৃত্যুৰ পিছত জৈন সংঘৰ পৰৱৰ্ত্তী অধ্যক্ষ কোন হয় ? ( Who was the next chairman of Jain sangha after Mahavir ? )
-> সুধৰ্মন ( Sudharman )

41. ৰাজস্থানৰ মাউন্টআবুত ( Mount Abu of Rajasthan ) অৱস্থিত দিলৱাৰাৰ জৈন মন্দিৰ ( Jain temple of Dilwara ) কোনে নিৰ্মাণ কৰে ?
-> বিমল চাহ ( Bimal Shah ) [ তেঁও আছিল চোলাংকি ( Solanki ) বা চালুক্য ( Chalukya ) শাসক ভীমদেৱ প্ৰথমৰ ( Bhimdev 1 ) এজন মন্ত্ৰী ]

42. মহাবীৰৰ নিৰ্বান ( Nirvan ) বা দেহত্যাগৰ সময়ত পাৱাপুৰীৰ ৰজা কোন আছিল ?
-> ৰজা হস্তিপাল ( King Hastipal )

43. জৈন ধৰ্মৰ প্ৰধান আদৰ্শ কি ?
-> অহিংসা ( Non violence )

44. মহাবীৰৰ আগৰ 22 আৰু 23 নং তীৰ্থঙ্কৰ (Tirthankar ) কোন আছিল ?
-> 22 নং - অৰিষ্টনেমী ( Arishtnemi )
    23 নং - পাৰ্শ্বনাথ ( Parshvanatha )

45. পাৰ্শ্বনাথৰ ( Parshvanatha ) কিমান বছৰ পিছত মহাবীৰৰ জ্ঞান প্ৰাপ্তি হয় ?
-> 250 বছৰ পিছত । ( After 250 years )

Notes :

প্ৰথম জৈন পৰিষদ ( First Jain Council )

300 BC  ত চন্দ্ৰগুপ্ত মৌৰ্য্যৰ ( Chandragupta Maurya ) কালত হৈছিল ।
স্থান : পাটলিপুত্ৰ ( Pataliputra )
সভাপতি : স্থুলভদ্ৰ ( Sthulbradra )

দ্বিতীয় জৈন পৰিষদ : ( Second Jain Council )

512 AD ত হৈছিল ।
স্থান : বল্লভী ( Ballavi )
সভাপতি : দেৱাৰ্ধি ক্ষমস্ৰমান ( Debardhi Kshmasramana )
-> জৈন সাহিত্যত 12 টা অংগ ( Anga ) আৰু 12 টা উপাংগ ( Upanga ) সংযোজিত হয় ।

জৈন সাহিত্য : ( Jain Literature )

1. কল্পসুত্ৰ ( Kalpasutra )  - ভদ্ৰবাহু ( Bhadrabahu )
2. যোগ দৃষ্টি চামুকায়া ( Yoga dristi samuccaya ) - হৰিভদ্ৰ ( Harbhadra )
3. ন্যায়াবাত্ৰা ( Nyayavatra ) - সিদ্ধসেন দিবাকৰ ( Siddhasena Diwakar )
4. জৈনেন্দ্ৰ ব্যাকৰণ ( Jainendra Vyakarana ) - আচাৰ্য্য পূজ্যপদ
5. যোগশাস্ত্ৰ ( Yogashastra ) , পৰিশিষ্ট পাৰ্বণ ( Parishistaparvan ) - আচাৰ্য্য হেমচন্দ্ৰ ( Acharya Hemchandra )
6. শ্ৰীলোকপ্ৰকাশ ( Sri Lokprakash ) - বিনয়াবিজয় ( Vinayavijaya )
7. দ্ৰব্যসংগ্ৰহ ( Dravyasamgraha ) - নেমিচন্দ্ৰ ( Nemichandra )
8. স্যাদৱাদ মঞ্জৰী ( Shyadwadmanjari ) - মাল্লিসেন ( Mallisena )

মহাবীৰৰ 5 টা শিক্ষা : ( 5 teaching of Mahavira )

1. অহিংসা ( Non violence )
2. সত্য ( Truthfulness )
3. চোৰ বৃত্তি পৰিহাৰ ( Non stealing )
4. লোভ পৰিহাৰ ( Non possession )
5. ব্ৰহ্মচাৰ্য্য ( Chastity )


Post a Comment

1 Comments

  1. মহাবীৰৰ দুটা বাণী ? I want the answer please help

    ReplyDelete