বৌদ্ধ ধৰ্মৰ আৰম্ভণিৰ কাৰণ :
1. ক্ষত্ৰিয় সকলৰ ব্ৰাহ্মণৰ দমন নীতিত বিৰোধীতা:বৈদিক কালত লোকসকলৰ 4 টা শ্ৰেণী বা বৰ্ণ আছিল । ব্ৰাহ্মণ , ক্ষত্ৰিয় , বৈশ্য আৰু শুদ্ৰ । এই বৰ্ণ ব্যৱস্থা অনুসৰি ক্ষত্ৰিয় সকল আছিল দ্বিতীয় শ্ৰেণীৰ লোক । ক্ষত্ৰিয় সকলে ব্ৰাহ্মণ সকলৰ ধৰ্মীয় দমন নীতিক তীব্ৰ বিৰোধীতা কৰিছিল । তাৰোপৰি ব্ৰাহ্মণ সকলে তলৰ বৰ্ণৰ লোক সকলৰ পৰা গ্ৰহণ কৰি থকা বিভিন্ন সা - সুবিধা আৰু কৰ আৰু শাস্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ সকলৰ বাবে থকা শিথিলতাই ক্ষত্ৰিয় সকলক অধিক ক্ষোভিত কৰি তুলিছিল ।
2.বৈদিক ৰীতি - নীতিয়ে পুৰণি বিশুদ্ধতা হেৰুৱাইছিল ।
3. বৈশ্য আৰু আন ব্যৱসায়িক শ্ৰেণীয়ে নিজৰ সামজিক মৰ্যাদা আৰু শান্তি বিচাৰি বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় ।
4. সেই সময়ত কৃষি ভিত্তিক অৰ্থনীতি পুনৰুজ্জীৱিত হোৱাৰ বাবে সকলোৱে পশু পালনত গুৰুত্ব দিছিল । যিহেতু বৈদিক কালত বলি বিধান প্ৰথা প্ৰচলনৰ বাবে যথেষ্ট পশুধনৰ মৃত্যু হৈছিল , সেয়ে হিংসা আৰু বলি- বিধান মুক্ত এক শান্তিৰ ধৰ্ম বিচাৰি বৌদ্ধ ধৰ্মৰ কাষ চাপে ।
গৌতম বুদ্ধ : বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক
জন্ম : 563 BCজন্মস্থান : কপিলবস্তু ( লুম্বিনী , নেপাল )
Kapilbastu ( Lumbini , Nepal )
পিতৃৰ নাম : শুদ্ধোদন ( Suddhodana )
মাতৃৰ নাম : মহামায়া দেৱী ( Mahamaya Devi )
বুদ্ধেদেৱৰ জন্মৰ পিছত মাতৃৰ মৃত্যুৰ বাবে প্ৰজাপিতা গৌতমীয়ে (Prajapita Gautomi ) লালন - পালন কৰে ।
শিশু কালৰ নাম : সিদ্ধাৰ্থ ( Siddhartha )
পত্নীৰ নাম : যশোধৰা ( Yashodhara )
পুত্ৰৰ নাম : ৰাহুল ( Rahul )
-> বুদ্ধদেৱে এবাৰ ভ্ৰমণ কৰি থাকোতে 4 প্ৰকাৰৰ মানুহ লগ পায় । বৃদ্ধ ( Old ), ৰোগী ( Sick ) , মৃত ( Corpse ) আৰু সন্যাসী ( Ascetic ) । ইয়াৰে মাজৰ সন্যাসীৰ মনৰ আনন্দ দেখি তেঁও 29 বছৰ বয়সত গৃহত্যাগ কৰে । ইয়াক মহাভিনিস্ক্ৰমণ বুলি কোৱা হয় ।
-> গৃহত্যাগৰ সময়ত বুদ্ধদেৱৰ এটা ঘোঁৰা আছিল যাৰ নাম আছিল - কণ্ঠক ( Kanthak ) আৰু তেঁওৰ সাৰথি ( accompanied by ) আছিল - চান্দক ( Chandaka )
গৌতম বুদ্ধৰ জ্ঞানপ্ৰাপ্তি :
-> 35 বছৰ বয়সত গয়াত ( বিহাৰ )[ Gaya , Bihar ] নিৰঞ্জনা নদীৰ পাৰত বোধিবৃক্ষৰ ( Bodhi tree ) তলত গৌতম বুদ্ধৰ জ্ঞানপ্ৰাপ্তি হয় । এই গছজোপা পিছত গৌড় বংশৰ শাসক শশাংকই কাটে ।-> বুদ্ধদেৱৰ জ্ঞানপ্ৰাপ্তিক নিৰ্বান ( Nirban ) বুলি কয় ।
-> গৌতম বুদ্ধই দিয়া প্ৰথম প্ৰবচনটোক ধৰ্মচক্ৰ প্ৰৱৰ্তন ( Dharmachakra Pravartana ) বোলে । প্ৰথম প্ৰবচন দিয়ে উত্তৰ প্ৰদেশৰ সাৰনাথত ( Sharnath ) ।
বুদ্ধৰ জীৱনৰ ঘটনাৰাজি আৰু ইয়াৰ প্ৰতিক : ( Symbols of events of Buddha's life )
গৰ্ভাৱস্থাত বুদ্ধ - হাতী ( Elephant )
বুদ্ধৰ জন্ম ( Birth ) - পদুম আৰু বলধ ( Lotus and Bull )
গৃহত্যাগ ( Great departure ) - ঘোঁৰা ( Horse )
জ্ঞান প্ৰাপ্তি ( First enlightment ) - বোধিবৃক্ষ ( Bodhi tree )
প্ৰথম প্ৰবচন ( First sermon ) - চক্ৰ ( Wheel )
মৃত্যু ( Death ) - স্তুপ ( Stupa )
বৌদ্ধ ধৰ্মৰ মূল ভাষা আছিল - পালি ( Pali )
আৰ্য্য সত্য ( Arya Satya / Four noble Truth )
1. পৃথিৱী খন দুখেৰে ভৰা ( World is full of sorrow )
2. দুখৰ প্ৰকৃত কাৰণ হ'ল - কিবা পাবলৈ হেঁপাহ ( Desire )
3. দুখ নিয়ন্ত্ৰণৰ বাবে নিজৰ হেঁপাহ বা ইচ্ছা নিয়ন্ত্ৰণ কৰিব লাগিব ।
4. ইচ্ছা বা হেঁপাহ নিয়ন্ত্ৰণৰ বাবে 8 টা পথ আছে । যাক কোৱা হয় - অষ্টাংগিক মাৰ্গ ( Astangika Marg )
অষ্টাংগিক মাৰ্গ ( Astangika Marg ) :
1.সম্যক দৃষ্টি ( Right view )2.সম্যক সংকল্প ( Right Resolve )
3.সম্যক বাণী ( Right Speech )
4.সম্যক কৰ্ম ( Right Conduct )
5.সম্যক জীৱিকা ( Right Livelihood )
6.সম্যক ব্যায়াম ( Right Effort )
7.সম্যক স্মৃতি ( Right mindfulness )
8.সম্যক সমাধি ( Right Concentration )
বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন ( Tri Ratna / Three Jewels of Buddhism )
a. বুদ্ধ ( Buddha )b. ধৰ্ম ( Dharma ) - বুদ্ধদেৱৰ শিক্ষা ( Buddha's teaching )
c. সংঘ ( Sangha ) - বুদ্ধদেৱৰ দ্বাৰা দিয়া শিক্ষাৰ অনুগামী সকলৰ সমাজ ( Community of those peoples who follow Buddha's teaching )
বুদ্ধৰ জীৱনৰ অন্ত :
বুদ্ধদেৱৰ মৃত্যুক মহাপৰিনিৰ্বান ( Mahaparinirvana ) বুলি কয় । তেঁওৰ মৃত্যু কুশিনগৰ ( Kushi Nagar ) [ উত্তৰ প্ৰদেশ ( U.P. )] ত হিৰণ্যৱতী ( Hiranyawati ) নদীৰ পাৰত হৈছিল ।বৌদ্ধ ধৰ্মৰ অনুগামী শাসক :
বিম্বিসাৰ ( Bimbisar ) , প্ৰসেনজিৎ ( Prasenjit ) , অশোক ( Ashoka ) , উদায়িন ( Udayin )বুদ্ধদেৱৰ দহজন প্ৰধান শিষ্য : ( Ten disciples of Buddha )
মাউদগাল্যযান ( Maudgalyayana ) , শ্বাৰিপুত্ৰ ( Shariputra ) , মহাকাশ্যপ ( Mahakasyapa ) , সুভুতি ( Subhuti ) , পূৰ্ণ মৈত্ৰায়ানী পুত্ৰ ( Purna Maitrayaniputra ) , কাটায়ায়ান ( Katayayana ) ,অনিৰুদ্ধ ( Aniruddha ) , ৰাহুল ( Rahula ) , আনন্দ ( Ananda ) , উপালি ( Upali )
প্ৰমুখ বৌদ্ধ বিদ্বান ( Buddhist Scholars )
1. অশ্বঘোষ ( Ashwaghosha ) :
কুষাণ বংশৰ ৰজা কনিষ্কৰ সমকালীন আছিল । ৰাজসভাত তেঁও লিখক আৰু ধৰ্মীয় পৰামৰ্শদাতা হিচাপে আছিল । তেঁওৰ ৰচনাৰাজিবোৰ - বুদ্ধচৰিত ( Buddhacharit ) , মহালংকাৰ ( Mahalankara ) , সৌন্দৰানন্দকাব্য ( Saundaranandakavya ) । বুদ্ধ চৰিত পুথিখনক " বৌদ্ধ ধৰ্মৰ ৰামায়ণ " ( Ramayan of Buddhism ) বোলে ।2. বুদ্ধঘোষ ( Buddhaghosha ) :
হীনয়ান ( Hinyana ) সম্প্ৰদায়ৰ মুখ্যগ্ৰন্থ " বিশুদ্ধি মাগ্গা " (Bishuddhi Magga ) ৰচনা কৰে ।3. নাগাৰ্জুন ( Nagarjun ) :
মূলামধ্যমাকাকাৰিকা ( Mulamadhyamakakarika ) ৰচনা কৰে । শুন্যবাদ ( Shunyavada or Emptiness ) তত্ব আবিস্কাৰ কৰে ।4. বাসুবন্ধু ( Vasubandhu ) :
অভিধৰ্মকোষ ( Abhidharmakosha ) ৰচনা কৰে ।5. চন্দ্ৰাকৃতি ( Chandrakriti ) :
প্ৰসন্নপদ ( Prasannapada ) ৰচনা কৰে ।বৌদ্ধ সাহিত্যৰ প্ৰমুখ গ্ৰন্থ :
বৌদ্ধ সাহিত্যৰ প্ৰাচীনতম গ্ৰন্থ হ'ল - ত্ৰিপিটক ( Tripitaka )সুত্তপিটক ( Suttapitaka ) : ইয়াত বৌদ্ধ বিচাৰ আৰু উপদেশ সমূহ আছে ।
বিনায়পিটক ( Vinaypitaka ) : বৌদ্ধ ভিক্ষু সকলৰ অনুশাসন সম্বন্ধীয় নিয়ম আৰু সংঘৰ কাৰ্য্যপ্ৰণালী আছে ।
অভিধম্ম পিটক : বুদ্ধৰ উপদেশ আৰু সিদ্ধান্ত সমূহৰ দাৰ্শনিক ( Philosophical ) ব্যাখ্যা আছে ।
-> জাতকৰ সাধু ( Jataka Stories ) ত বৌদ্ধিক দৰ্শনৰ উমান পোৱা যায় ।
প্ৰথম বৌদ্ধ পৰিষদ : ( First Buddhist council )
বুদ্ধৰ মহাপৰিনিৰ্বানৰ কিছুদিন পিছতে 483 BC ত অজাতশত্ৰুৰ ( Ajatasatru ) পৃষ্ঠপোষকতাত । সভাপতিত্ব কৰিছিল মহাকাশ্যপ ( Mahakashyapa ) নামৰ মুনি এজনে । এই সভাতে বুদ্ধৰ শিক্ষা সমূহ তিনিটা পিটকাত ( Pitaka ) ভগোৱা হয় । ইয়াৰে সুত্ত পিটকা আৰু বিনয়া পিটকাৰ শিক্ষা সমূহ যথাযথ হিচাপে লোৱা হয় ।দ্বিতীয় বৌদ্ধ পৰিষদ : ( Second Buddhist council )
স্থান : বৈশালী , বিহাৰ [ Vaishali ( Bihar ) ]পৃষ্ঠপোষক : ৰজা কালাশোক ( King Kalashok )
সভাপতি : শৱকামী ( Sabakami )
বৌদ্ধ ধৰ্ম দুভাগ হয় - স্থবিৰমদিন ( Sthavirmadin ) - কোনো সংশোধন নিবিচৰা আৰু মহাসংঘিকা ( Mahasanghika ) - বৌদ্ধ ধৰ্মৰ সংশোধন বিচৰা সকল ।
তৃতীয় বৌদ্ধ পৰিষদ : ( Third Buddhist council )
স্থান : পাতলিপুত্ৰ ( Pataliputra )পৃষ্ঠপোষক : অশোক ( Ashoka )
সভাপতি : মোগ্গালিপুট্ট তিচা ( Moggaliputta - Tissa)
-> বৌদ্ধ দৰ্শন সন্নিবিষ্ট " অভিধম্ম পিটকা " কিতাপ খনৰ সংযোজন এই পৰিষদতে হৈছিল । মোগ্গালিপুট্ট তিচা ( Moggaliputta - Tissa) ৰ দ্বাৰা সংযোজিত এই পুথিখনৰ আগৰ নাম আছিল - কথাভাথু ( Kathavathu )
চতুৰ্থ বৌদ্ধ পৰিষদ : ( Fourth Buddhist council )
স্থান : কুণ্ডলবন ( Kundalban )পৃষ্ঠপোষক : কনিষ্ক ( Kanishka )
সভাপতি : বাসুমিত্ৰ ( Vasumitra )
উপ-সভাপতি : অশ্বঘোষ ( Ashwaghosha )
বৌদ্ধ ধৰ্মৰ তিনিটা সম্প্ৰদায় ( Three schools of Buddhism ) :
হিনাযান ( Hinayana ) :
1. তেঁওলোকৰ মতে মোক্ষ বা জ্ঞানপ্ৰাপ্তিৰ ( salvation / enlighment ) মূল আধাৰ হ'ল - নিজস্ব সু- সৃংখলিত জীৱন আৰু ধ্যান ।2. হিনয়ানৰ অৰ্থ হ'ল - চুটি পথ ( Lesser path ) আৰু তেঁওলোকে পূৰ্বৰে পৰা অগ্ৰজ সকলৰ মাজত চলি অহা শিক্ষাক গ্ৰহণ কৰিছিল ।
3. লিখনিত পালি ( Pali )ভাষা ব্যৱহাৰ কৰিছিল ।
4. বুদ্ধদেৱক কেৱল এজন মানুহৰ জ্ঞান কৰছিল ।
মহাযান ( Mahayana ) :
1. তেঁওলোকৰ বিশ্বাসমতে মানুহে তেতিয়ালৈ জ্ঞানপ্ৰাপ্তি বা মোক্ষ লাভ কৰিব নোৱাৰে যেতিয়ালৈ ভগৱান বুদ্ধৰ দয়া নাথাকে ।2. বজ্ৰযানৰ অৰ্থ হ'ল - দীঘল পথ ( Greater Path )
3. লিখনিত সংস্কৃত ( Sanskrit ) ভাষা ব্যৱহাৰ কৰিছিল ।
4. বুদ্ধদেৱক ভগৱানৰ জ্ঞান কৰিছিল ।
বজ্ৰযান ( Vajrayana ) :
1. তেঁওলোকৰ বিশ্বাস অনুসৰি যাদুবিদ্যা ( Magical power ) আহৰণ কৰিহে জ্ঞানপ্ৰাপ্তি বা মোক্ষ লাভ কৰিব পাৰি ।2. বজ্ৰযানৰ সাহিত্যিক অৰ্থ - বজ্ৰৰ বাহন । ইয়াক হীৰাৰ বাহন ( Diamond Vehicle ) হিচাপেও জনা যায় ।
3. লিখনিত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল ।
0 Comments