Recents in Beach

Shaivism explained in Assamese - শৈৱ ধৰ্ম - Notes for APSC and other Assam govt job exam


-> শৈৱ ধৰ্মৰ ( Shaivism ) কথা প্ৰথম পোৱা গৈছিল পানীনিৰ ( Panini ) ৰ অষ্টাধ্যায়ীত ( Ashtadhyayi )

-> অষ্টাধ্যায়ী হ'ল প্ৰথম সংস্কৃত ব্যাকৰণৰ ( Sanskrit grammar )  কিতাপ । ইয়াত শৈৱ ধৰ্ম ( Shaivism ) ক শিৱৰ ভক্তৰ দল ( Group ) বুলি কোৱা হৈছে ।

->   পতঞ্জলিৰ ( Patanjali ) দ্বাৰা ৰচিত মহাভাষ্য ( Mahabhashya ) কিতাপখনত শৈৱ ধৰ্মীয় লোকৰ পৃথক স্বাধীন সমাজৰ ( independent Community ) কথা উল্লেখ আছে ।

-> কালহান ( Kalhan ) আছিল প্ৰথম বৈজ্ঞানিক দৃষ্টিভংগীৰ ইতিহাসবিদ ( First Scientific Historian ) । তেঁওৰ দ্বাৰা ৰচিত ৰাজতুৰাঙ্গিনী ( Rajturangini ) কিতাপ খনত কাশ্মীৰৰ ( Kashmir ) ইতিহাসৰ কথা কোৱা হৈছে । ইয়াত অশোক -1 ( Ashoka 1 ) ক শৈৱ ধৰ্মী বুলি উল্লেখ আছে ।

প্ৰত্নতাত্ত্বিক সাক্ষ্য ( Archeological Evidence ) :

       উদয়গিৰিৰ গুহাৰ শিলালিপি ( Udaygiri Cave Inscription ) ৰ পৰা শৈৱ ধৰ্মৰ সাক্ষ্য ( Evidence ) পোৱা গৈছে । চন্দ্ৰগুপ্ত দ্বিতীয়ৰ (Chandragupta 2) সময়ত বীৰসেন ( Virsen ) নামৰ প্ৰধানমন্ত্ৰী ( Prime minister ) গৰাকীয়ে উদয়গিৰীত শৈৱ গুহা ( Shaiv Cave ) নিৰ্মাণ কৰে ।

-> বীৰসেনে ( Virsen ) শৈৱ ব্যাকৰণ ( Shaiv Vyakaran ) নামৰ কিতাপখন লিখে ।

শৈৱ সমাজ ( Community of Shaivism ) :

1. পশুপতি সমাজ ( Pashupati Community ) :
   -> লকুলিশ ( Lakulish ) আছিল ইয়াৰ প্ৰতিস্থাপক ।
   -> পশু ( Pashu ) - জীৱৰ আত্মা ( Individual Soul ) আৰু পতি ( Pati ) - আত্মাৰ গৰাকী ( Owner of soul )
   -> লকুলিশৰ জন্মস্থান ( Birthplace of Likulish ) - কায়াবাৰোহন ( Kayavarohan ) [ গুজৰাট ( Gujrat ) ]
   -> এই পশুপতি সমাজৰ মূল গ্ৰন্থ হ'ল - পশুপাত সূত্ৰ      ( Pashupat Sutra ) । এইখন লকুলিশৰ ওচৰত সমৰ্পিত ।
-> কৌণ্ডিন্য ( Kaundinya ) ই ৰচনা কৰা পঞ্চাৰ্থ ভাষ্য     ( Panchartha Bhasya ) তো শৈৱ ধৰ্মৰ বৰ্ণনা আছে
-> লকুলিশৰ চাৰিজন প্ৰধান শিষ্য আছিল - কৌৰুষ্য         ( Kaurushya ) , গৰ্গ ( Garga ) , মিত্ৰ ( Mitra ) , কুশিকা ( Kushika )

2. লিঙ্গযাত সমাজ ( Lingayat Community )
-> আৰম্ভণিতে ইয়াক বীৰশৈৱ ( Veerashaivas ) বুলি জনা গৈছিল ।
-> দক্ষিণ ভাৰতৰ (South India) ৰাজ্য কৰ্ণাটক              ( Karnataka ) ত ইয়াৰ প্ৰভাৱ আছে ।

3. কাপালিক সমাজ ( Kapalik Community )
-> মহাৰাষ্ট্ৰৰ (Maharashtra) নাছিক জিলাত (Nasik) থকা ইগাতপুৰী ( Igatpuri ) নামৰ ঠাইখিনিত পোৱা শিলালিপিত তাত কাপালিক সমাজৰ সাক্ষ্য পোৱা গৈছে ।
-> অন্ধ্ৰ প্ৰদেশতো (Andhra Pradesh) ইয়াৰ প্ৰভাৱ আছে ।

4. কালামুখ সমাজ ( Kalamukh Community )
দক্ষিণ ভাৰতৰ তামিলনাডু ( Tamil Nadu ) ৰ ফালে বিস্তৃত ।

5. নাথপন্থী সমাজ ( Nath Community )
-> ইয়াৰ প্ৰতিস্থাতা(Founder) - মৎস্যেন্দ্ৰনাথ (Matsyendranath)
-> এই সময়ৰ এজন ডাঙৰ ঋষি (Sage) আছিল - গোৰখনাথ ( Gorakhnath )

6. মত্তময়ূৰ সমাজ ( Mattamayur Community )
-> মত্তময়ূৰ শব্দৰ সাহিত্যিক অৰ্থ (Literary meaning) হ'ল - নৃত্যৰত ময়ূৰ ( Dancing Peacock )
-> মত্তময়ূৰ হ'ল যৌধেয় জনজাতিৰ ( Yaudheya Tribe ) ৰ আন এক নাম । তেঁওলোকে নিজৰ পতাকাত ময়ূৰৰ চিহ্ন ব্যৱহাৰ কৰিছিল ।
-> কালাচুৰি বংশৰ ( Kalachuri Dynasty ) লোক সকল মত্তময়ূৰ সমাজৰ আছিল । মধ্যপ্ৰদেশ ( Madhya Pradesh ) ৰ কাদৱাহা ( Kadwaha ) ৰ পৰা ইয়াৰ সাক্ষ্য পোৱা যায় ।

7. প্ৰত্যভিজ্ঞা সমাজ ( Pratyabhijna Community ) :
-> শৈৱধৰ্মী সকলৰ প্ৰত্যভিজ্ঞা সমাজ খন কাশ্মীৰৰ ( Kashmir ) বিস্তৃত আছিল ।

সুখী মূহুৰ্তত শিৱৰ নাম :
মহাদেৱ ( Mahadev ) , ঈশান ( Ishan ) , ভৱ ( Bhav ) , পশুপতি ( Pashupati )

খংৰ মূহুৰ্তত শিৱৰ নাম :
ৰুদ্ৰ ( Rudra ) , উগ্ৰ ( Ugra )

ভাৰতীয় দৰ্শনৰ ৬ টা নীতি বা ষড় - দৰ্শন ( 6 systems of Indian Philosophy )
1. সংখ্যা ( Sankhya ) :
       -> ইয়াৰ অাৰম্ভণি কৰোতা - কপিল ( Kapil )
       -> সংখ্যাকাৰিকা ( Sankhyakarika ) কিতাপখন ঈশ্বৰকৃষ্ণই ( Ishwarkrishna ) ৰচনা কৰে ।

2. যোগ ( Yoga ) :
        -> ইয়াৰ প্ৰতিস্থাপক ( Founder ) - পতঞ্জলি            ( Patanjali ) । তেঁও যোগসূত্ৰ ( Yogasutra ) কিতাপখন ৰচনা কৰিছিল ।

3.ন্যায় ( Nyay ) :
        -> সাক্ষ্যৰ ওপৰত ভিত্তি কৰি উপযুক্ত বিচাৰ ( Justice based on available source )
        -> ইয়াৰ প্ৰতিস্থাপক ( Founder ) - গৌতম ( Gautam ) । তেঁও ৰচনা কৰা কিতাপখন হ'ল - ন্যায়সূত্ৰ ( Nyaysutra )

4. বৈশেষিক ( Vaisheshika ) :
        -> ইয়াৰ প্ৰতিস্থাপক ( Founder ) - উলোক কাণাদ ( Uluk Kanad ) । তেঁও ৰচনা কৰা কিতাপখন হ'ল - বৈশেষিক সূত্ৰ ( Vaisheshik Sutra )
বৈশেষিক মানে হ'ল - সম্পূৰ্ণ জ্ঞান ( Complete knowledge )

5. তত্ত্ব মিমাংসা ( Tatva Mimansa ):
        -> ইয়াৰ প্ৰতিস্থাপক ( Founder ) - যেমিনী ( Gemini )
        -> তেঁও ৰচনা কৰা কিতাপখন হ'ল - তত্ত্ব মিমাংসা সূত্ৰ ( Tatva Mimansa Sutra )

6. বেদান্ত ( Vedanta ):
        -> ইয়াৰ প্ৰতিস্থাপক ( Founder ) - শংকৰাচাৰ্য্য ( Shankaracharya ) 

Post a Comment

0 Comments