Recents in Beach

Ashoka - Maurya dynasty - Explained in Assamese for APSC and other government job - অশোক

 

অশোক ( Ashoka )

-> দেৱানপ্ৰিয়া প্ৰিয়দৰ্শী সম্ৰাট ( Devanpriya Priyadarshi Samrat ) বুলি জনা যায় ।

-> পিতৃ - বিন্দুসাৰ ( Bindusara )

-> মাতৃ - সুভদ্ৰাঙ্গী ( Subhadrangi )

-> বিন্দুসাৰৰ শাসন কালত অশোক আছিল তক্ষশিলা ( Takshashila ) আৰু উজ্জ্বয়িনী ( Ujjain )ৰাজ্যপাল ( Governor )

->  অশোকৰ পত্নী আছিল উজ্জ্বয়িনীৰ ৰাজকুমাৰী (Princess) - দেৱী ( Devi ) বা বিদিশা ( Vidisha ) । আন দুগৰাকী পত্নী আছিল - কাৰুৱাকী ( Karuvaki ) আৰু অসন্ধিমিত্ৰা ( Asandhimitra )

-> অশোকৰ দুগৰাকী জীয়াৰী আছিল - সংঘামিত্ৰা ( Sanghamitra ) আৰু চাৰুমতী ( Charumati )

-> অশোকে শাসনকালৰ নৱম বৰ্ষত কলিংগ ( Kalinga ) [ বৰ্তমান ওড়িষ্যা (Odisha) ] জয় কৰে । কলিংগ যুদ্ধৰ ভয়াৱহতা 13নং শিলালিপিৰ ( 13 th Rock Edict ) ৰ পৰা পোৱা গৈছে । ইয়াত 1 লাখ মানুহ মৰে (Died) আৰু 1.5 লাখ মানুহ আঘাতপ্ৰাপ্ত (injured) হয় ।

-> কলিংগ যুদ্ধৰ ভয়াৱহতাই অশোকৰ মনত প্ৰভাৱ পেলায় । তেঁও আৰু কাহানীও যুদ্ধ নকৰো বুলি শপত লয় ।
-> অশোকে শাসন কালৰ নৱম বৰ্ষত নিগ্ৰোধ (Nigrodha) নামৰ এজন বৌদ্ধ ভিক্ষু ( Monk ) ৰ পৰা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে ।
-> বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেঁও শিলালিপি (Rock Edict) আৰু স্তম্ভলিপি (Pillar Eddict) নিৰ্মাণ কৰিছিল ।

অশোকৰ মুঠ 14 খন শিলালিপি (Rock Eddict) আছে ।  ইয়াৰ দৰকাৰী কেইখন মান -

শিলালিপি -1 ( Rock Eddict -1) : ইয়াত জন্তুৰ বলিবিধান (Sacrifice of animal) বন্ধ কৰিব কৈছে ।
শিলালিপি -2 ( Rock Eddict -2) : মানুহ আৰু জীৱৰ প্ৰতি মৰমীয়াল হোৱা । ( Take care of Man and animals )
শিলালিপি -3 ( Rock Eddict -3) : ব্ৰাহ্মণক শ্ৰদ্ধা কৰা । ( To respect Brahmin )
শিলালিপি -4 ( Rock Eddict -4) : ডাঙৰক শ্ৰদ্ধা কৰা । ( To respect Elders )
শিলালিপি -7 ( Rock Eddict -7) : সকলো ধৰ্মৰ মাজত সহনশীলতা ( Tolerance for all religion )
শিলালিপি -13( Rock Eddict -13) : কলিংগ যুদ্ধৰ (Kalinga War) বিষয়ে আছে ।

শাসন ব্যৱস্থা ( Administration ):

-> মৌৰ্য কালত কেন্দ্ৰীয় সাম্ৰাজ্য ( Centralized Empire ) ৰ ধাৰণা আৰম্ভ হয় ।
-> অশোকৰ সভাত মন্ত্ৰীপৰিষদ (Council of Ministers) ৰ ধাৰণা আৰম্ভ হয় । যিয়ে ৰজাক পৰামৰ্শ দিব পাৰিছিল ।
-> চানক্যৰ(Chanakya) ৰ দ্বাৰা ৰচিত  অৰ্থশাস্ত্ৰত (Arthashastra) মহামন্ত্ৰী (Chief Minister) , পূৰোহিত (Priest) , সেনাপতি (Commander in chief) , যুৱৰাজ ( Prince ) আদিৰ বিষয়ে উল্লেখ আছে ।

পদবী : (Division of Rank)

অমত্য (Amatya) -> সৰ্বোচ্চ প্ৰশাসনিক আৰু ন্যায়িক ক্ষমতা ( Highest Administrative and Judicial power )
অধ্যক্ষ (Superintendent) -> সংখ্যাত 27 জন আছিল । তেঁওলোকে অন্যান্য বিভাগ সমূহ চোৱাচিতা কৰিছিল ।

সৈন্য ব্যৱস্থাৰ ( Military ) অধ্যক্ষ :
1. স্থলসেনাৰ ( Infantry ) অধ্যক্ষ - পদাধ্যক্ষ (Padadhyaksha)
2. অশ্বাৰোহী সেনাৰ (Cavalry) অধ্যক্ষ - অশ্বাধ্যক্ষ (Asvadhyaksha)
3. নৌসেনাৰ (Navy) অধ্যক্ষ - নৱাধ্যক্ষ (Navadhyaksha)
4. ৰথসেনাৰ (Chariot) অধ্যক্ষ - ৰথাধ্যক্ষ (Rathadhyaksha)
5. যুদ্ধৰ বাবে ব্যৱহূত হাতীৰ (War elephant)  অধ্যক্ষ - হস্ত্যাধ্যক্ষ ( Hastyadhyaksha)

অন্যান্য অধ্যক্ষ সমূহ :

6. ৰাজ্যৰ অন্তৰ্ভুক্ত ভূমিত কৃষি কাৰ্য চোৱা চিতা কৰা অধ্যক্ষ - চিতাধ্যক্ষ (Sitadhyaksha)
7. বাণিজ্য , সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ , দেশৰ উৎপাদিত সামগ্ৰী বিক্ৰী আদি চোৱা চিতা কৰা অধ্যক্ষ - পণ্যাধ্যক্ষ (Panyadhyaksha)

8. বজাৰ চোৱা চিতা কৰা অধ্যক্ষ - সংস্থাধ্যক্ষ (Sansthadhyaksha)
9. সামগ্ৰীৰ সঠিক ওজনৰ (Weight) মাপকাঠি নিয়ন্ত্ৰণৰ বাবে - পৌতৱাধ্যক্ষ (Pautavadhyaksha)

10. ৰাজ্যৰ বস্ত্ৰশিল্প কৰ্মশালা (Textile Workshop) চোৱা চিতাৰ বাবে - সূত্ৰাধ্যক্ষ (Sutradhyaksha)
11. সোনৰ অধ্যক্ষ (Gold Superintendent) - সুৱৰ্ণাধ্যক্ষ (Suvarnadhyaksha)

12. নিমখৰ বিভাগ (Salt department) চোৱাচিতাৰ বাবে - লৱণাধ্যক্ষ (Lavanadhyaksha)
13. অৰণ্যৰ (Forest) দায়িত্বত আছিল - কূপ্যাধ্যক্ষ (Kupyadhyaksha)

14. শুল্ক (Excise) আদায় বিভাগত আছিল - সুৰাধ্যক্ষ (Suradhyaksha)
15. বন্দৰ (Port) সমূহৰ দ্বায়িত্বত আছিল - পট্টনাধ্যক্ষ (Pattanadhyaksha)

কৰ ব্যৱস্থা ( Revenue System ) :

সেই সময়ত কৰ আহিছিল ভূমি (Land) , পোহনীয়া জন্তু (Cattle) , পানী (Water) আদিৰ পৰা ।

সন্নিধাতা (Sannidhata) : এই পদত থকাজনে ৰাজকোষ (Royal Treasury) চাইছিল ।
সমাহাৰ্থ (Samahartha) : এই পদত থকাজনে ৰাজ্যৰ বিভিন্ন অংশৰ পৰা কৰ (Tax) সংগ্ৰহ কৰিছিল ।

ন্যায় ব্যৱস্থা (Judicial System):

-> ৰজা আছিল - ন্যায় প্ৰদানৰ মূল (Head of Justice)

কৌটিল্য (Kautilya) ই 2 খন আদালতৰ (Court) কথা উল্লেখ কৰিছে -

1. ধৰ্মস্থীয় (Dharmasthiya) - দেৱানী (Civil) বিষয়ৰ লগত জড়িত ।
2. কণ্টকশোধন (Kantakasodhana) - অপৰাধ (Crime) সম্পৰ্কীয় গোচৰৰ লগত জড়িত ।

-> গাঁও আৰু চহৰ সমূহত বিশেষ আদালত (Special Court) আছিল । ইয়াৰ তত্ত্বাৱধান কৰিছিল - প্ৰাদেশিক (Pradesika) , মহামাত্ৰ (Mahamatra) আৰু ৰাজুক (Rajuka)

অশোকৰ সময়ত 4 খন প্ৰদেশ আছিল :

1.      উত্তৰ (North) :            উত্তৰপথ (Uttarpatha)
         ৰাজধানী (Capital)-     তক্ষশিলা(Takshashila)
2.      পশ্চিম (West) :          অৱন্তিৰথ (Avantiratha)
         ৰাজধানী (Capital) -    উজ্জ্বয়িনী (Ujjain)
3.      পূৱ (East) :                 প্ৰাচ্যপথ (Prachyapatha)
         ৰাজধানী (Capital) -   তোসালী (Tosali)
4.      দক্ষিণ (South) :          দক্ষিণপথ (Dakshinpatha)
         ৰাজধানী (Capital) -   সুৱৰ্ণগিৰি (Suvarnagiri)

শাসন ব্যৱস্থাৰ 3 টা মূল পদবী (Officials) আছিল :

1. প্ৰাদেশিক (Pradeshika) - এখন জিলাৰ (District) সমগ্ৰ প্ৰাশাসনিক (Administrative)  দিশ চোৱা চিতাৰ দ্বায়িত্বত আছিল ।
2. ৰাজুক (Rajuka) - ভূমি জড়িপৰ (Surveying) লগত জড়িত ।
3. য়ুক্ত (Yukta)

-> গোপ (Gopa) নামৰ শাখা এটা নিয়োজিত আছিল একাউন্টেন্ট হিচাপে । তেঁওলোকে গাঁও সমূহৰ চাৰিসীমা নিৰ্ধাৰণ কৰিছিল । ইয়াৰ লগতে লোকপিয়লৰ (Census) দ্বায়িত্বতো আছিল ।
-> শাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়ৰ গোট আছিল - গাঁও (Village)
-> অৰ্থশাস্ত্ৰত (Arthashastra)  চহৰ (City) সমূহৰ আইন কানুন পৰিচালনাৰ বাবে নগৰক (Nagaraka) নামৰ পদ এটা আছিল বুলি উল্লেখ আছে । 

Post a Comment

0 Comments