Recents in Beach

Ahom kingdom - Gadadhar Singha - গদাধৰ সিংহ


 
           

গদাধৰ সিংহ (Gadadhar Singha) : (1681-1696)

-> লালুকসোলা বৰফুকনে আতন বুঢ়াগোহাঁইক হত্যা কৰিবলৈ মোগলৰ সহায় লৈছিল । ইয়াৰ বিনিময়ত লালুকসোলাই গুৱাহাটীখন মোগলক দিব লগা হৈছিল ।
     গদাধৰ সিংহই শাসনভাৰ লৈয়ে গুৱাহাটী পুনৰ আহোমৰ দখলত আনিবলৈ সৈন্য বাহিনী প্ৰেৰণ কৰে ।

-> আহোম আৰু মোগল সকলৰ অন্তিম খন ৰণ হৈছিল - শুক্লেশ্বৰ মন্দিৰৰ (Sukleshwar Temple) সমীপত থকা ইটাখুলিত (Itakhuli).

-> ইটাখুলিৰ ৰণত আহোমৰ হাতত মোগল সেনা পৰাস্ত হয় আৰু আহোম ৰাজ্যৰ সীমা পুনৰ মানস নদীলৈ (Manas River) বিস্তাৰ হয় ।

-> ভূমিৰ জৰীপ আৰু জোখ-মাখ (Survey and measurement of land) গদাধৰ সিংহৰ দিনতে আৰম্ভ হৈছিল ।

-> গদাধৰ সিংহই উমানন্দ মন্দিৰ ( Umananda Temple) নিৰ্মাণ কৰে ।

আহোম যুগত হোৱা সত্ৰৰ উত্থান :

-> জয়ধ্বজ সিংহৰ দিনৰ পৰাই সত্ৰ সমূহ যথেষ্ট শক্তিশালী হ'ব ধৰে ।

-> তেঁও এটা নিয়ম কৰিছিল যে - সত্ৰৰ যিবিলাক অবিবাহিত ভকত আছে সেই সকলক পাইক বুলি ধৰা ন'হব । অবিবাহিত ভকত সকলক কেৱলীয়া ভকত (Keoliya Bhakat) বুলি কোৱা হয় ।
         সেয়ে বহুতে পাইকৰ কামৰ পৰা হাত সাৰিবলৈ সত্ৰ সমূহত গৈ শৰণ লৈছিল ।

-> এই দৰে বহু পুৰুষ সত্ৰত শৰণ লোৱাৰ ফলত সত্ৰবোৰ শক্তিশালী হৈ পৰে । ফলত কিছুমান সত্ৰাধিকাৰে নিজক অধিক শক্তিশালী হিচাপে ভাবিব লৈছিল । তেঁওলোকে আনকি ৰাজনৈতিক কাম-কাজতো হস্তক্ষেপৰ বাবে আগবাঢ়িছিল ।

-> গদাধৰ সিংহই এই সত্ৰ সমূহৰ  দমন কৰাৰ বাবে ব্যৱস্থা হাতত লৈছিল ।

-> তেঁওৰ নিৰ্দেশত বহু সত্ৰতে লুট - পাত চলোৱা হৈছিল আৰু সত্ৰৰ মুৰব্বী বোৰক হত্যা কৰা হৈছিল নাইবা নামৰূপলৈ (Namrup) বন্দী কৰি নিয়া হৈছিল ।

-> গদাধৰ সিংহই ভূৱা কেৱলীয়া ভকত (বিয়া কৰায়ো নকৰোৱা ভাঁও জোৰা ভকত) সমূহক গৰু , গাহৰি আদিৰ মাংস খাব বাধ্য কৰাইছিল ।তেঁওলোকক শ্ৰমিক হিচাপে লগোৱা হৈছিল ।  কিছুসংখ্যকক হত্যা কৰে , কিছুক আকৌ বলি দিয়া হৈছিল ।

-> 1696 ত গদাধৰ সিংহৰ মৃত্যু হয় আৰু তেঁওৰ ডাঙৰ পুত্ৰ চুখৰাংফা (Sukhrangpha) বা লাই (Lai) ৰজাৰ আসনত বহে । চুখৰাংফাৰ আন এটা নাম হ'ল - ৰত্ন সিংহ (Ratna Singha)

        

Post a Comment

0 Comments