Recents in Beach

First Moamoria Revolt - প্ৰথম মোৱামৰীয়া বিদ্ৰোহ


 

মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰ (Mayamara Satra) : 
-> ইয়াৰ প্ৰতিষ্ঠাপক আছিল - অনিৰুদ্ধ ভূঞাঁ (Aniruddha Bhuyan)
-> এই সত্ৰৰ শিষ্য সকলক মোৱামৰীয়া (Moamoriya) , পুৰণি ভকত (Purani Bhakat) , মৰাণ (Maran) , মটক (Matak) আদি নামেৰে জনা যায় । 
-> এই সত্ৰত উচ্চ বৰ্ণৰ পৰা নিম্ন বৰ্ণলৈ সকলো লেকে শৰণ ল'ব পাৰিছিল । 
-> মায়ামৰা সত্ৰৰ ভকত সকলে তেঁওলোকৰ যিজন মূল সত্ৰাধিকাৰ তেখেতৰ কথাত উঠা বহা কৰিছিল । সেয়ে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ সেই সময়ত যথেষ্ট ক্ষমতা আছিল ।


প্ৰথম মোৱামৰীয়া বিদ্ৰোহ (First Moamoriya rebellion ) : (1769- 1770)


-> 1769 চনত মায়ামৰা সত্ৰৰ দুজন শিষ্য নাহৰ খোৰা (Nahor Khora) আৰু ৰাঘ মৰাণক (Ragha Moran) কীৰ্তি চন্দ্ৰ বৰবৰুৱালৈ এটা দুৰ্বল হাতী অনা অপৰাধত বেয়াকৈ মাৰে । নাহৰ খোৰাৰ এখন কান কাটি পেলাইছিল ।
-> ইয়াৰ পিছতে মোৱামৰীয়া সকলে বিদ্ৰোহ কৰে আৰু সময়ত আহোমক পৰাস্ত কৰি ৰংপুৰ (Rongpur) দখল কৰে । 
-> মোৱামৰীয়া সকলে ৰজা লক্ষ্মী সিংহক বন্দী কৰি কীৰ্তি চন্দ্ৰ বৰবৰুৱাক হত্যা কৰে । 
-> ইয়াৰ পিছত মোৱামৰীয়া সকলে নাহৰ খোৰাৰ পুত্ৰ 
ৰমাকান্ত (Ramakanta) ৰজা হয় আৰু ৰাঘ মৰান নতুন বৰবৰুৱা (Barbarua) হয় । 
-> কিন্তু মোৱামৰীয়া সকলে নিজৰ অনভিজ্ঞতাৰ (inexperience) বাবে ৰাজ্য খন বেছি দিনলৈ নিজৰ দখলত ধৰি ৰাখিব নোৱাৰিলে ।
-> 1770 ত অসমীয়া নৱবৰ্ষৰ দিনা এটা হুচৰী দলে আহি ৰাঘ মৰানক হত্যা কৰে , ৰমাকান্ত পলাই গৈছিল যদিও পিচলৈ আহোম বাহিনীয়ে ধৰি হত্যা কৰে । 
-> ইয়াৰ পিছত লক্ষ্মী সিংহ পুনৰ ৰজা হয় । ৰাজপাটত উঠি তেঁও সকলো মৰানকে এফালৰ পৰা শেষ কৰি যোৱাৰ নিৰ্দেশ দিয়ে । 
-> মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ আৰু তেঁওৰ পুতেকক বন্দী কৰি লৈ যায় । ইয়াৰ পিছত প্ৰায় 14 বছৰ মোৱামৰীয়া সত্ৰৰ কোনো সত্ৰাধিকাৰ নাছিল ।
-> এই অত্যাচাৰৰ ফলত মোৱামৰীয়া সকল আহোমৰ প্ৰতি যথেষ্ট প্ৰতিশোধ পৰায়ণ হৈ পৰে । 
-> 1780লক্ষ্মী সিংহৰ মৃত্যু হয় আৰু ইয়াৰ পিছত শাসনভাৰ লয় গৌৰিনাথ সিংহই । 

Post a Comment

0 Comments