বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ (First revolt against British) : 1828
-> আহোমৰ বিষয়া সকলে নামনি অসম বৃটিছে দখল কৰাত ক্ষোভিত হৈ পৰে । তেতিয়াৰ পৰা বিষয়া সকলৰ ক্ষমতা আৰু সা-সুবিধা সমূহ হ্ৰাস পাব ধৰে ।এই বোৰ কাৰণতে পুনৰ আহোম শাসন ঘুৰাই অনাৰ বাবে এই বিষয়া সকলে বিদ্ৰোহ কৰে ।
-> প্ৰথম বিদ্ৰোহ আৰম্ভ কৰে গোমধৰ কোঁৱৰ (Gomdhar Konwar) আৰু ধনজয় বৰগোহাঁই (Dhanjoy Bargohain)য়ে ।
-> আহোম সকলে যোৰহাটত গোমধৰ কোঁৱৰক ৰজা নিৰ্বাচিত কৰে ।
-> আহোম সকলে অস্ত্ৰ-শস্ত্ৰ আৰু বাহিনী এটা তৈয়াৰ কৰি মৰিয়নি (Mariani)ৰ ফালে গতি কৰে ।
-> লেফটেনেন্ট ৰাডাৰফৰ্ডে (lieutenant Ratherford) অাহোমৰ বাহিনীটোক বাটতে বাধা দিয়ে ।
-> গোমধৰ কোঁৱৰ তেতিয়া নগা পাহাৰলৈ (Naga Hill) পলাই যায় কিন্তু কিছুদিন পিছতে বৃটিছৰ হাতত আত্মসমৰ্পন কৰে , বৃটিছে বাকী সকলক গ্ৰেপ্তাৰ কৰে ।
-> প্ৰথমে গোমধৰ কোঁৱৰক ফাঁচীৰ আদেশ দিয়া হৈছিল যদিও পিছত এই শাস্তি হ্ৰাস কৰি পৰিশ্ৰম বিহীনভাৱে 7 বছৰ কাৰাদণ্ড বিহা হয় ।
-> ধনজয় বৰগোহাঁইক মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছিল যদিও তেঁও সাহসেৰে জেলৰ পৰা পলাই আহি নগা পাহাৰত (Naga Hill) আশ্ৰয় লয় ।
ধনজয় বৰগোহাঁইৰ দ্বিতীয় প্ৰয়াস (Second attempt of Dhanjay Borgohain) :
-> নগা পাহাৰলৈ পলাই গৈ ধনজয় বৰগোহাঁইয়ে পুনৰ বৃটিছৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাই । ধনজয়ক এইবাৰ সংগ দিয়ে তেঁওৰ দুই পুত্ৰ হৰকান্ত (Harakanta) আৰু হৰনাথ (Harnath) , জোঁৱাইয়েক জীউৰাম দুলীয়া বৰুৱা (Jiuram Dulia Baruah) আৰু বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ পিয়লী বৰফুকন (Pioli Barphukan)
-> ধনজয় বৰগোহাঁইয়ে বৃটিছৰ বিৰুদ্ধে যুঁজাৰ বাবে শক্তি গোটোৱাৰ বাবে মোৱামৰীয়া (Moamoriya) , চিংফৌ (Singfou) , খামতি (Khamti) , গাৰো (Garo) , মনিপুৰী (Manipuri) আদি সকলো জনগোষ্ঠীলৈ সহায় বিছাৰি পত্ৰ লিখে । কিন্তু ধনজয়ে ইয়াৰে বহুতৰে পৰাই বিচৰা ধৰণে সহাৰি নাপালে ।
-> আহোমৰ 400 জনীয়া দল এটাই ৰংপুৰৰ চাউনী এটাত আক্ৰমণ কৰে যদিও বৃটিছ সেনাই আহোমৰ সেনাৰ লোক সকলক ধৰি ধৰি বন্দী কৰে ।
-> ধনজয় বৰগোহাঁই এইবাৰো পলাই সাৰিব সক্ষম হয় ।
-> পিয়লী ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক 1830 ৰ আগষ্ট (August) মাহত শিৱসাগৰ পুখুৰীৰ (Shivsagar Tank) পাৰত ফাঁচী দিয়া হয় ।
আহোম ৰাজ্যৰ পুনৰ প্ৰতিষ্ঠা (Re-establishment of Ahom kingdom) :
-> উজনি অসমৰ ঠায়ে ঠায়ে উদ্ভৱ হোৱা ন-ন বিদ্ৰোহ সমূহ দেখি ডেভিদ স্কটে সেই সময়ত ভাৰতৰ নতুন গৱৰ্ণৰ জেনৰেল লৰ্ড উইলিয়াম বেনটিংকক (Lord Willlam Bentink) উজনি অসম খনৰ শাসনভাৰ পুনৰ আহোমৰ হাতত অৰ্পণ কৰাৰ পৰামৰ্শ দিয়ে ।
-> আহোমৰ ফালৰ পৰা নতুনকৈ ৰজা হোৱাৰ বাবে বহু আবেদন আহিছিল যদিও বৃটিছে চন্দ্ৰকান্ত সিংহ (Chsndrakanta Singha) আৰু পুৰন্দৰ সিংহ (Purandar Singha) ৰ নাম দুটাহে বিবেচনালৈ আনে ।
-> সময়ত পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ মাজৰ পৰা পুৰন্দৰ সিংহক ৰজা নিৰ্বাচিত কৰে ।
-> 1833 চনৰ 2 মাৰ্চত বৃটিছ আৰু পুৰন্দৰ সিংহৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয় যাক গৌহাটীৰ সন্ধি (Treaty of Gauhati) বুলি কয় ।
-> উজনি অসমখন বৃটিছে আহোমক দিয়াৰ পিছতে তেঁওলোক উজনি অসমৰ অৰ্থনৈতিক সম্ভাৱনাৰ কথা গম পায় ।
-> 1833 চনৰ জুন মাহত বৃটিছ সকলে গৌহাটী সন্ধিৰ সাল সলনি কৰি পুৰন্দৰ সিংহক সমগ্ৰ উজনি অসমৰ পৰিৱৰ্ত্তে কেৱল যোৰহাটৰ শাসনভাৰ দিয়ে ।
-> 1834 চনৰ জানুৱাৰী মাহত কেপ্তেইন জেনকিন (Captain Jenkin) ক কমিচনাৰ (commissioner) আৰু গৱৰ্ণৰ জেনেৰেলৰ অসমৰ প্ৰতিনিধি (agent) হিচাপে নিয়োগ কৰা হয় ।
-> কেপ্তেইন জেনকিনে 1838 ত উজনি অসম ভ্ৰমণ কৰি তাৰ এক প্ৰতিবেদন বৃটিছ চৰকাৰলৈ প্ৰেৰণ কৰে । তাত তেঁও যোৰহাটত পুৰন্দৰ সিংহৰ নেতৃত্বত কুশাসন চলি থকা বুলি অভিযোগ কৰে ।
-> শেষত জেনকিনৰ অভিযোগৰ অজুহাত লৈ 1838 চনৰ 16 ছেপ্তেম্বৰ তাৰিখে বৃটিছে সমগ্ৰ উজনি অসম কোম্পানীৰ অধীনলৈ আনে ।
0 Comments